Ancient Assam History MCQ
Ancient Assam History MCQ
১. প্ৰাচীন কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা বুলি কাক জনা যায়?
(ক) ভাস্কৰ বৰ্মন
(খ) পুষ্য বৰ্মন
(গ) মহেন্দ্ৰ বৰ্মন
(ঘ) বল বৰ্মন
উত্তৰ: (খ) পুষ্য বৰ্মন
২. বৰ্মন বংশই কামৰূপত কোনটো সময়ছোৱাত ৰাজত্ব কৰিছিল?
(ক) ১০০ - ৪০০ খ্ৰীষ্টাব্দ
(খ) ৬০০ - ৯০০ খ্ৰীষ্টাব্দ
(গ) ৩৫০ - ৬৫০ খ্ৰীষ্টাব্দ
(ঘ) ৮০০ - ১১০০ খ্ৰীষ্টাব্দ
উত্তৰ: (গ) ৩৫০ - ৬৫০ খ্ৰীষ্টাব্দ
৩. বৰ্মন বংশৰ কোনগৰাকী ৰজা গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল?
(ক) ভাস্কৰ বৰ্মন
(খ) ভূতি বৰ্মন
(গ)পুষ্য বৰ্মন
(ঘ) গণপতি বৰ্মন
উত্তৰ: (গ) পুষ্য বৰ্মন
৪. অশ্বমেধ যজ্ঞ সম্পন্ন কৰা প্ৰথম বৰ্মন বংশীয় ৰজাজন কোন আছিল?
(ক) মহেন্দ্ৰ বৰ্মন
(খ) কল্যাণ বৰ্মন
(গ) স্থিত বৰ্মন
(ঘ) সুস্থিত বৰ্মন
উত্তৰ: (ক) মহেন্দ্ৰ বৰ্মন
৫. ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কোনগৰাকী চীনা পৰিব্ৰাজক কামৰূপলৈ আহিছিল?
(ক) ফাহিয়ান
(খ) হিউৱেন-চাং
(গ) ইৎছিং
(ঘ) মেগাস্থিনিছ
উত্তৰ: (খ) হিউৱেন-চাং
৬. ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা কটকীজনৰ নাম কি আছিল?
(ক) হংসবেগ
(খ) বাণভট্ট
(গ) শশাংক
(ঘ) পুষ্যভূতি
উত্তৰ: (ক) হংসবেগ
৭. ভাস্কৰ বৰ্মনে মিত্ৰতাৰ চিনস্বৰূপে হৰ্ষবৰ্ধনলৈ পঠিওৱা বিশেষ ছাতিটোৰ নাম কি আছিল?
(ক) বৰুণ ছাতি
(খ) অভোগ
(গ) ৰাজছত্ৰ
(ঘ) কামৰূপী ছাতি
উত্তৰ: (খ) অভোগ
৮. হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনে মিলি গৌড়ৰ কোনজন শক্তিশালী ৰজাক আক্ৰমণ কৰিছিল?
(ক) ৰাজ্যবৰ্ধন
(খ) শশাংক
(গ) গোপাল
(ঘ) ধৰ্মপাল
উত্তৰ: (খ) শশাংক
৯. ভাস্কৰ বৰ্মনে প্ৰচলন কৰা অব্দ বা চনটোক কি বুলি জনা যায়?
(ক) শকাব্দ
(খ) গুপ্তাব্দ
(গ) ভাস্কৰাব্দ (বা কামৰূপী চন)
(ঘ) বিক্ৰম সংবৎ
উত্তৰ: (গ) ভাস্কৰাব্দ (বা কামৰূপী চন)
১০. ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পিছত বৰ্মন বংশৰ কিয় অন্ত পৰিছিল?
(ক) যুদ্ধত পৰাজিত হোৱাৰ বাবে
(খ) পাল বংশই আক্ৰমণ কৰাৰ বাবে
(গ) তেওঁ অবিবাহিত আৰু নিঃসন্তান হোৱাৰ বাবে
(ঘ) বখতিয়াৰ খিলিজিয়ে আক্ৰমণ কৰাৰ বাবে
উওৰঃ (গ) তেওঁ অবিবাহিত আৰু নিঃসন্তান হোৱাৰ বাবে
১১. শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
(ক) ভাস্কৰ বৰ্মন
(খ) শালস্তম্ভ
(গ) শ্ৰীহৰ্ষদেৱ
(ঘ) ব্ৰহ্মপাল
উত্তৰ: (খ) শালস্তম্ভ।
১২. শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
(ক) ত্যাগ সিংহ
(খ) অৱন্তী বৰ্মন
(গ) শ্ৰীহৰ্ষদেৱ
(ঘ) ৰত্নপাল
উত্তৰ: (গ) শ্ৰীহৰ্ষদেৱ।
১৩. শালস্তম্ভ বংশৰ ৰাজধানী ক’ত আছিল?
(ক) প্ৰাগজ্যোতিষপুৰ
(খ) কামৰূপ নগৰ
(গ) হাৰুপেশ্বৰ (তেজপুৰ)
(ঘ) চৰাইদেউ
উত্তৰ: (গ) হাৰুপেশ্বৰ (তেজপুৰ)।
১৪. কামৰূপত পাল বংশৰ পাতনি কোনে মেলিছিল?
(ক) ধৰ্মপাল
(খ) ব্ৰহ্মপাল
(গ) ৰত্নপাল
(ঘ) জয়পাল
উত্তৰ: (খ) ব্ৰহ্মপাল।
১৫. কোনজন পাল ৰজাই ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা 'কামৰূপ নগৰ'লৈ তুলি নিছিল?
(ক) ইন্দ্ৰপাল
(খ) গোপাল
(গ) ধৰ্মপাল
(ঘ) জয়পাল
উত্তৰ: (গ) ধৰ্মপাল।
কমতা ৰাজ্য আৰু আৰিমত্ত
১৬. ১২৫৭ চনত কোনে কামৰূপ আক্ৰমণ কৰোঁতে ৰজা সন্ধ্যাই ৰাজধানী কমতাপুৰলৈ স্থানান্তৰ কৰিছিল?
(ক) বখতিয়াৰ খিলজী
(খ) তুঘ্ৰিল খাঁ
(গ) মীৰ জুমলা
(ঘ) ঔৰংজেৱ
উত্তৰ: (খ) ইখতিয়াৰুদ্দিন মালিক উজবেক তুঘ্ৰিল খাঁ।
১৭. 'যোগিনী তন্ত্ৰ'ৰ মতে প্ৰথম শতিকাত কামৰূপত ৰাজত্ব কৰা শূদ্ৰ ৰজাজন কোন আছিল?
(ক) আৰিমত্ত
(খ) দেৱেশ্বৰ
(গ) নীলধ্বজ
(ঘ) ধৰ্মপাল
উত্তৰ: (খ) দেৱেশ্বৰ।
১৮. জনশ্ৰুতি অনুসৰি আৰিমত্ত কাৰ পুত্ৰ আছিল?
(ক) ৰামচন্দ্ৰ
(খ) জংঘল বলহু
(গ) নীলধ্বজ
(ঘ) ৰত্নসিংহ
উত্তৰ: (ক) ৰামচন্দ্ৰ।
খেন্ বংশ আৰু চুতীয়া ৰাজ্য
১৯. খেন্ বা খান বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
(ক) চক্ৰধ্বজ
(খ) নীলাম্বৰ
(গ) নীলধ্বজ
(ঘ) মৃগাঙ্ক
উত্তৰ: (গ) নীলধ্বজ।
২০. চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
(ক) ধীৰ নাৰায়ণ
(খ) বীৰপাল
(গ) নীতিপাল
(ঘ) ৰত্নপাল
উত্তৰ: (খ) বীৰপাল (১১৮৯ চনত)।
২১. সতী সাধনীৰ স্বামীৰ নাম কি আছিল?
(ক) ধৰ্মধ্বজ পাল
(খ) নীতিপাল (নিতাই)
(গ) সাধক নাৰায়ণ
(ঘ) বিশ্ব সিংহ
উত্তৰ: (খ) নীতিপাল (ৰজা হোৱাৰ পূৰ্বে নাম আছিল নিতাই)।
২২. সতী সাধনীয়ে কোনটো পৰ্বতৰ পৰা জঁপিয়াই আত্মবলিদান দিছিল?
(ক) নীলাচল পাহাৰ
(খ) চন্দনগিৰি পৰ্বত
(গ) চিত্ৰাচল পাহাৰ
(ঘ) সন্ধ্যাচল
উত্তৰ: (খ) চন্দনগিৰি পৰ্বত।
কোচ ৰাজ্য
২৩. কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
(ক) নৰনাৰায়ণ
(খ) বিশ্ব সিংহ
(গ) চিলাৰায়
(ঘ) নীলধ্বজ
উত্তৰ: (খ) বিশ্ব সিংহ (১৫১৫ চনত)।
২৪. কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ তথা প্ৰখ্যাত সেনাপতিজন কোন আছিল?
(ক) মল্লদেৱ
(খ) শুক্লধ্বজ (চিলাৰায়)
(গ) নীতিপাল
(ঘ) দুৰ্লভ নাৰায়ণ
উত্তৰ: (খ) শুক্লধ্বজ বা চিলাৰায়।
২৫. কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?
(ক) নৰনাৰায়ণ
(খ) বিশ্ব সিংহ
(গ) চিলাৰায়
(ঘ) ৰঘুদেৱ নাৰায়ণ
উত্তৰ: (খ) বিশ্ব সিংহ
২৬. নৰনাৰায়ণৰ পিতৃদত্ত নাম কি আছিল?
(ক) শুক্লধ্বজ
(খ) ৰঘুদেৱ
(গ) মল্লদেৱ
(ঘ) লক্ষ্মীনাৰায়ণ
উত্তৰ: (গ) মল্লদেৱ
২৭. কাৰ সহযোগত যুদ্ধত নৰ সিংহক পৰাস্ত কৰি নৰনাৰায়ণ ৰজা হৈছিল?
(ক) বিশ্ব সিংহ
(খ) শুক্লধ্বজ
(গ) লক্ষ্মীনাৰায়ণ
(ঘ) অনন্ত কন্দলি
উত্তৰ: (খ) শুক্লধ্বজ
২৮. নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত কোনে ‘মহাভাৰত’ৰ অসমীয়া অনুবাদ কৰিছিল?
(ক) অনন্ত কন্দলি
(খ) বকুল কায়স্থ
(গ) ৰাম সৰস্বতী
(ঘ) শংকৰদেৱ
উত্তৰ: (গ) ৰাম সৰস্বতী
২৯. নৰনাৰায়ণে প্ৰচলন কৰা সোণ আৰু ৰূপৰ মুদ্ৰাটোক কি নামেৰে জনা গৈছিল?
(ক) আহোম মুদ্ৰা
(খ) নাৰায়ণীয় মুদ্ৰা
(গ) কোঁচ মোহৰ
(ঘ) চিকা মুদ্ৰা
উত্তৰ: (খ) নাৰায়ণীয় মুদ্ৰা
৩০. কিমান চনত নৰনাৰায়ণৰ মৃত্যু হৈছিল?
(ক) ১৫৪০ চনত
(খ) ১৫১৫ চনত
(গ) ১৫৮৪ চনত
(ঘ) ১৫৬৮ চনত
উত্তৰ: (গ) ১৫৮৪ চনত
৩১. শুক্লধ্বজক কি কাৰণে ‘চিলাৰায়’ নামেৰে জনা গৈছিল?
(ক) তেওঁ চিলনী পোহা বাবে
(খ) তেওঁৰ মাতটো চিলাৰ দৰে আছিল বাবে
(গ) চিলাৰ দৰে তৎপৰতাৰে শত্ৰুৰ ওপৰত জঁপিয়াই পৰা বাবে
(ঘ) তেওঁৰ নামটো দেউতাকে দিছিল বাবে
উত্তৰ: (গ) চিলাৰ দৰে তৎপৰতাৰে শত্ৰুৰ ওপৰত জঁপিয়াই পৰা বাবে
৩২. কাৰ অনুৰোধত মহাপুৰুষ শংকৰদেৱে ‘ৰাম বিজয়’ নাটকখন লিখিছিল?
(ক) নৰনাৰায়ণ
(খ) বিশ্ব সিংহ
(গ) চিলাৰায়
(ঘ) লক্ষ্মীনাৰায়ণ
উত্তৰ: (গ) চিলাৰায়
৩৩. জয়ন্তীয়াসকলৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিল?
(ক) পিতৃপ্ৰধান
(খ) মাতৃপ্ৰধান
(গ) সামন্তবাদী
(ঘ) কোনোখনো নহয়
উত্তৰ: (খ) মাতৃপ্ৰধান
৩৪. কছাৰীসকলে নিজকে কাৰ বংশধৰ বুলি জ্ঞান কৰে?
(ক) অৰ্জুনৰ
(খ) কৃষ্ণৰ
(গ) ভীমৰ পুত্ৰ ঘটোৎকচৰ
(ঘ) পৰশুৰামৰ
উত্তৰ: (গ) ভীমৰ পুত্ৰ ঘটোৎকচৰ
৩৫. কছাৰীসকলৰ শেষ স্বতন্ত্ৰ ৰজা কোন আছিল?
(ক) তাম্ৰধ্বজ
(খ) কৃষ্ণচন্দ্ৰ
(গ) গোবিন্দচন্দ্ৰ
(ঘ) ডেটুং
উত্তৰ: (গ) গোবিন্দচন্দ্ৰ
৩৬. কিমান চনত ইংৰাজে কছাৰী ৰাজ্য অধিগ্ৰহণ কৰে?
(ক) ১৮৩০ চনৰ ২০ এপ্ৰিল
(খ) ১৮৩২ চনৰ ১৪ আগষ্ট
(গ) ১৮২৬ চনৰ ১৫ মে’
(ঘ) ১৮৩৯ চনৰ ১৯ জানুৱাৰী
উত্তৰ: (খ) ১৮৩২ চনৰ ১৪ আগষ্ট
৩৭. ১৮৩৯ চনৰ খামতি বিদ্ৰোহত কোনজন ইংৰাজ বিষয়াক হত্যা কৰা হৈছিল?
(ক) ডেভিদ স্কট
(খ) কেপ্তেইন ওৱেলছ
(গ) কৰ্ণেল হোৱাইট
(ঘ) নাথান ব্ৰাউন
উত্তৰ: (গ) কৰ্ণেল হোৱাইট
৩৮. চিংফৌসকলৰ এজন পৰাক্ৰমী নেতাৰ নাম কি আছিল?
(ক) পিয়লি ফুকন
(খ) দুফা গাম
(গ) গম্ভীৰ সিংহ
(ঘ) মণিৰাম দেৱান
উত্তৰ: (খ) দুফা গাম