Comprehensive Assam History part 2
Assam history part 2 questions and answers
৩২.২১ কোঁচ ৰাজ্য
ষষ্ঠদশ শতিকাৰ আগভাগত কোঁচ বংশীয় বীৰপুৰুষ বিশ্ব সিংহই (১৫১৫-১৫৪০) কোঁচ ৰাজ্য প্ৰতিষ্ঠা কৰে। বিশ্ব সিংহৰ পাছত তেওঁৰ পুত্ৰ মল্লদেৱে নৰনাৰায়ণ নাম লৈ কোঁচ ৰাজ্যৰ ৰজা হয়। সেনাপতি হয় বীৰ শুক্লধ্বজ — নাম লয় চিলাৰায়।
■ ৩২.২২ নৰনাৰায়ণ : বিদ্যোৎসাহী, পৰাক্ৰমী আৰু ধৰ্মপৰায়ণ কোঁচ ৰজা, কোঁচসকলৰ শ্ৰেষ্ঠ নৃপতি। পিতৃদত্ত নাম মল্লদেৱ। পিতৃ কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্ব সিংহ। ১৫৪০ চনত বিশ্ব সিংহ স্বৰ্গী হয় আৰু মৃত্যুৰ আগতে তেওঁ জ্যেষ্ঠ পুত্ৰ মল্লদেৱক ৰজা...
মনোনীত কৰি থৈ যায়। কিন্তু মৃত্যুৰ সময়ত মল্লদেৱ অধ্যয়নৰ বাবে বাৰাণসীত থকাৰ সময়তে তেওঁৰ ভ্ৰাতৃ নৰ সিংহই সিংহাসন অধিকাৰ কৰে। পাছত মল্লদেৱে ভায়েক শুক্লধ্বজৰ সহযোগত যুদ্ধত নৰ সিংহক পৰাস্ত কৰে। ইয়াৰ পাছত মল্লদেৱ ৰজা হয় আৰু নৰনাৰায়ণ নাম লয়। ভায়েক শুক্লধ্বজ ওৰফে চিলাৰায়ক তেওঁ সেনাপতি পাতে। নৰনাৰায়ণৰ দিনতে কোঁচসকলৰ ৰাজনৈতিক গৌৰৱে উচ্চ শিখৰত আৰোহণ কৰে। কাষৰীয়া জয়ন্তীয়া, কছাৰী, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্যক তেওঁ কৰতলীয়া কৰে।
নৰনাৰায়ণৰ দিনতে অসমীয়া সাহিত্য-সংস্কৃতিৰ লক্ষণীয়ভাৱে উন্নতি হয়। তেওঁৰ পৃষ্ঠপোষকতাত ৰাম সৰস্বতীয়ে ‘মহাভাৰত’ৰ অসমীয়া অনুবাদ, অনন্ত কন্দলিয়ে দশম স্কন্ধ ‘ভাগৱত’, বকুল কায়স্থই গণিতৰ পুথি আৰু বহু পুথি ৰচনা তথা অনুবাদ কৰে। মহাপুৰুষ শংকৰদেৱেও জীৱনৰ শেষ সময়ছোৱা নৰনাৰায়ণৰ ৰাজসভাত বিশেষ সন্মান লাভ কৰি সাহিত্য-সংস্কৃতিৰ সাধনা কৰিছিল। নৰনাৰায়ণে নিজ ৰাজ্যত এক মুদ্ৰাৰো প্ৰচলন কৰিছিল। ‘নাৰায়ণীয় মুদ্ৰা’ নামৰ এইবিধ মুদ্ৰা সোণ আৰু ৰূপেৰে প্ৰস্তুত কৰা হৈছিল। ১৫৮৪ চনত নৰনাৰায়ণৰ মৃত্যু হয়। মৃত্যুৰ আগতে তেওঁ নিজ পুত্ৰ লক্ষ্মীনাৰায়ণ আৰু চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱ নাৰায়ণৰ মাজত কোঁচ ৰাজ্য সমানে ভগাই থৈ যায়।
নৰনাৰায়ণৰ দিনতে কোঁচসকলৰ ৰাজনৈতিক গৌৰৱে উচ্চ শিখৰত আৰোহণ কৰে। নৰনাৰায়ণে ভায়েক চিলাৰায়ৰ সহায়ত ১৫৬২ চনত আহোমক পৰাজিত কৰে। তদুপৰি তেওঁ কছাৰী ৰাজ্য, মণিপুৰ, ত্ৰিপুৰা, জয়ন্তীয়া, শ্ৰীহট্ট আদি ৰাজ্যকো কোঁচৰ কৰতলীয়া কৰে।
৩২.২৩ চিলাৰায় : চিলাৰায় কোঁচ নৃপতি নৰনাৰায়ণৰ ভ্ৰাতৃ তথা কোঁচ ৰাজ্যৰ সেনাপতি। ১৫১৫ চনত জন্ম। পিতৃদত্ত নাম শুক্লধ্বজ। পাকৈত যুঁজাৰু আছিল আৰু চিলাৰ (শেন-জাতীয় এবিধ চৰাই; মতা চিলনী) দৰে তৎপৰতাৰে শত্ৰুৰ ওপৰত জঁপিয়াই পৰিছিল। সেয়ে অসম বুৰঞ্জীত তেওঁ চিলাৰায় নামে প্ৰখ্যাত। কছাৰী, জয়ন্তীয়া, ত্ৰিপুৰা, মণিপুৰ, শ্ৰীহট্ট আদি ৰাজ্যসমূহ চিলাৰায়ৰ পৰাক্ৰমতে কোঁচ ৰাজ্যৰ কৰতলীয়া হয়। মুছলমান আক্ৰমণকাৰীসকলে বিধ্বস্ত কৰি যোৱা হিন্দু মন্দিৰসমূহ চিলাৰায়ে পুনৰ নিৰ্মাণ কৰোৱায়। চিলাৰায় আছিল বিদোৎসাহী পুৰুষ। নৰনাৰায়ণৰ লগত শংকৰদেৱৰ সদ্ভাৱ স্থাপনৰ প্ৰধান সহায়ক আছিল চিলাৰায়। পাছত তেওঁ শংকৰদেৱৰ ওচৰত শৰণ লয়। তেওঁৰ অনুৰোধতে শংকৰদেৱে ‘ৰাম বিজয়’ নাটক লিখে আৰু মাধৱদেৱে ৰচনা কৰে ‘জন্ম ৰহস্য’ পুথি।
১৫৬৮ চনত চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰে যদিও গৌড়ৰ নবাবৰ হাতত তেওঁ বন্দী হয়। পাছত অৱশ্যে নবাবৰ মাতৃক সৰ্প দংশনৰ পৰা আৰোগ্য কৰাত তেওঁৰ অনুগ্ৰহত চিলাৰায়ে মুক্তি লাভ কৰে। ইয়াৰ পাছত ১৫৭৫ চনত মোগলৰ লগ হৈ গৌড় ৰাজ্য আক্ৰমণ কৰে আৰু এই যুদ্ধত ব্যস্ত থাকোঁতেই বসন্ত ৰোগত চিলাৰায়ৰ মৃত্যু হয়।
১৫৮৪ চনত নৰনাৰায়ণৰ মৃত্যুত লক্ষ্মীনাৰায়ণ কোঁচবিহাৰৰ ৰজা হয় যদিও নৰনাৰায়ণৰ মৃত্যুৰ পাছত ঘৰুৱা কন্দলৰ সৃষ্টি হয়। ইয়াৰ ফলত মোগল আৰু আফগানসকলে কোঁচসকলৰ ভিতৰুৱা ৰাজনীতিত হস্তক্ষেপ কৰিবলৈ সুবিধা পায়। ১৬১৫ চনত কোঁচ ৰাজ্য বা কামৰূপ মোগলৰ অধীন হয়।
মোগলে কোঁচ ৰাজ্য অধিকাৰ কৰাত তেতিয়াৰ কোঁচ ৰজা বলীনাৰায়ণে আহোমৰ সহায়ত মোগলৰ হাতৰ পৰা ভৰলী আৰু বৰনদীৰ মাজৰ অঞ্চল পুনৰ নিজৰ হাতলৈ আনে। ইয়াৰ পাছত তেওঁ ধৰ্মনাৰায়ণ নাম লৈ দৰঙত আহোমৰ থাপিত-সঞ্চিত (অৰ্থাৎ, আশ্ৰিত ৰজা) হিচাপে থাকে। ইংৰাজে অসম অধিকৰণ কৰালৈকে দৰঙৰ কোঁচ ৰাজবংশ এৰা-ধৰাকৈ আহোমৰ কৰতলীয়া হৈ আছিল।
৩২.২৪ জয়ন্তীয়া ৰাজ্য
জয়ন্তীয়া পাহাৰ আৰু তাৰ দক্ষিণে সমতলৰ কিছু ঠাই জয়ন্তীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। মাতৃপ্ৰধান জয়ন্তীয়াসকলে আহোমৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰিছিল আৰু যুদ্ধৰ সময়ত আহোমৰ হৈ মোগলৰ বিৰুদ্ধে যুঁজ দিছিল। পৰ্বতৰায় নামৰ জয়ন্তীয়া ৰজা এজনে আনুমানিক পঞ্চদশ শতিকাত এই ৰাজ্য প্ৰতিষ্ঠা কৰে। ষষ্ঠদশ শতিকাত চিলাৰায়ে আক্ৰমণ কৰি জয়ন্তীয়া ৰজাক বধ কৰি ৰাজ্যখন কোঁচৰ তলতীয়া কৰে।
সপ্তদশ শতিকাৰ আৰম্ভণিত ধনমাণিক নামৰ এজন জয়ন্তীয়া ৰজাই কছাৰীৰ লগত ৰণত পৰাজিত হৈ আহোমৰ ৰজা প্ৰতাপ সিংহৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰে আৰু আহোমৰ লগ হৈ কছাৰী ৰাজ্য আক্ৰমণ কৰে।
ধনমাণিকৰ পাছত ক্ৰমে যশমাণিক, সুন্দৰৰায়, ছোট পৰ্বতৰায় আৰু যশোমন্ত ৰায় জয়ন্তীয়া ৰজা হয়। যশোমন্ত ৰায় আহোম স্বৰ্গদেউ নৰিয়া ৰজাৰ (১৬৪৪-১৬৪৮) সমসাময়িক আছিল। আহোম ৰজা জয়ধ্বজ সিংহৰ (১৬৪৮-১৬৬৩) সিংহাসনাৰোহণৰ পাছত যশোমন্ত ৰায়ে ডিমৰুৱা, গোভা, নেলী আৰু খলা ৰাজ্য জয়ন্তীয়াক ঘূৰাই দিব লাগে বুলি দাবী কৰাত দুয়ো ৰাজ্যৰ মাজৰ মিলোভাৱৰ অন্ত পৰে।
১৬৬০ চনত যশোমন্ত ৰায়ৰ মৃত্যু হোৱাত তেওঁৰ নাতিয়েক ৰাম সিং জয়ন্তীয়াৰ ৰজা হয়।ইয়াৰ পাছত ক্ৰমে প্ৰতাপ সিং, লক্ষ্মী সিং, ৰাম সিং, জয় নাৰায়ণ, চক্ৰ সিং, যাত্ৰানাৰায়ণ আৰু বিজয় নাৰায়ণে জয়ন্তীয়া ৰাজ্যত ৰাজত্ব কৰে। বিজয় নাৰায়ণৰ পাছতেই আহোম ৰাজ্যৰ লগতে জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়।
৩২.২৫ কছাৰী ৰাজ্য
ত্ৰয়োদশ শতিকাৰ আগভাগতে দিখৌৰ পৰা কলঙলৈকে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে কছাৰীসকলৰ ৰাজ্য আছিল। কছাৰীসকলে নিজকে পাণ্ডৱ-বীৰ ভীমৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি কয়। তেওঁলোকে দিখৌ নদীৰ পৰা কপিলী নদী-লৈকে আৰু দক্ষিণে বৰ্তমানৰ ডিমা হাচাও (পূৰ্বৰ উত্তৰ কাছাৰ পাহাৰ) জিলাত শাসন কৰিছিল। পঞ্চদশ শতিকাৰ শেষৰ ফালে আহোম ৰাজ্য বিস্তাৰৰ ফলত কছাৰীসকলে তেওঁলোকৰ ৰাজধানী হিড়িম্বাপুৰসহ (বৰ্তমানৰ ডিমাপুৰ) ৰাজ্যৰ বহু অংশ আহোমক এৰি দিবলগীয়া হয়। ইয়াৰ পাছত আহোমে কছাৰী কোঁৱৰ ডেটুঙক ডিমাপুৰত আহোমৰ কৰতলীয়া ৰজা পাতে। (১৫৩১) সেই সময়ৰ পৰাই আহোমে কছাৰীসকলক ‘থাপিত-সঞ্চিত’ বুলি জ্ঞান কৰিবলৈ ধৰিলে। পাঁচচৰত কৰতলীয়া হৈ থকাৰ পাছত ১৫৩৬ চনত ডেটুঙে আহোমৰ বিৰুদ্ধে বিদ্ৰোহ কৰাত আহোম সৈন্যই ডিমাপুৰ ধ্বংস কৰি ডেটুঙক হত্যা কৰে।
দৰং ৰাজবংশাৱলীৰ পৰা জনা যায় যে ষষ্ঠদশ শতিকাৰ মাজভাগত কোঁচ সেনাপতি চিলাৰায়ে তেতিয়াৰ কছাৰী ৰাজধানী মাইবং অধিকাৰ কৰি কোঁচৰ কৰতলীয়া কৰে। অৱশ্যে চিলাৰায়ৰ মৃত্যুৰ পাছত কোঁচ ৰাজ্যত সৃষ্টি হোৱা গৃহকন্দলৰ সুযোগ লৈ কছাৰীসকলে পুনৰ নিজকে স্বাধীন বুলি ঘোষণা কৰে।
আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ সময়ত কছাৰী ৰজা তাম্ৰধ্বজে নিজকে স্বাধীন বুলি ঘোষণা কৰাত ৰুদ্ৰ সিংহই কছাৰী ৰাজ্য আক্ৰমণ কৰে। যুঁজত হাৰি তাম্ৰধ্বজে আহোমৰ বশ্যতা স্বীকাৰ কৰাত ৰুদ্ৰ সিংহই তেওঁক কৰ-তলীয়া কৰি ৰাখে। তাম্ৰধ্বজৰ পাছত শূৰদৰ্প নাৰায়ণ, হৰিশ্চন্দ্ৰ নাৰায়ণ আৰু কীৰ্তিচন্দ্ৰ নাৰায়ণ কছাৰীৰ ৰজা হয়।
মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহৰ সময়ত কছাৰী ৰজা কৃষ্ণচন্দ্ৰৰ ৰাজত্বকালত কছাৰী ৰাজ্যত আশ্ৰয় লোৱা মোৱামৰীয়া প্ৰজাসকলক আহোম ৰাজ্যলৈ ওভতাই পঠিয়াবলৈ আহোম স্বৰ্গদেউৱে কৰা অনুৰোধ কছাৰী ৰজাই নৰখাত আহোমে ১৮০৩ চনত পুনৰ কছাৰী ৰাজ্য আক্ৰমণ কৰি কছাৰীক পৰাস্ত কৰে আৰু ইয়াতেই আহোম-কছাৰী সম্বন্ধৰ ওৰ পৰে। ১৮১৩ চনত কৃষ্ণচন্দ্ৰৰ মৃত্যুত গোবিন্দচন্দ্ৰ (১৮১৩-১৮৩০) কছাৰী ৰজা হয়। গোবিন্দচন্দ্ৰই কছাৰীৰ শেষ স্বতন্ত্ৰ ৰজা হয়। ১৮৩০ চনৰ ২০ এপ্ৰিলত মণিপুৰৰ ৰাজকুমাৰ গম্ভীৰ সিংহৰ প্ৰৰোচনাত কেইজনমান মণিপুৰী লোকে গোবিন্দ চন্দ্ৰক হত্যা কৰে। ইয়াৰ দুবছৰৰ পাছত ১৮৩২ চনৰ ১৪ আগষ্টত ইংৰাজে কছাৰী ৰাজ্য অধিগ্রহণ কৰি লয়।
৩২.২৬ খামতি ৰাজ্য
প্ৰাচীন কুণ্ডিল নদীৰ পাৰৰ শদিয়াৰ অধিবাসী আছিল খামতিসকল। আদিতে তেওঁলোক চীনৰ পশ্চিম অঞ্চলৰ বাসিন্দা আছিল। ১৭৫১-৬৪ চনৰ ভিতৰত তেওঁলোকৰ বহুসংখ্যক শদিয়া অঞ্চললৈ আহে। ১৭৯৪ চনত খামতিসকলে তৎকালীন আহোম ৰাজ্যৰ প্ৰশাসনিক বিষয়া শদিয়াখোৱা গোঁহাইৰ পদবী আৰু মৰ্যাদাকৈ তেওঁলোকৰ মুখীয়ালজনক দি প্ৰায় স্বতন্ত্ৰভাৱে শাসন কৰিবলৈ ধৰে। খামতিসকলৰ ৰাজ্যৰ পৰিসীমা দিহিং নদীৰ দক্ষিণৰ পৰা উজনি ব্ৰহ্মদেশৰ (ম্যানমাৰ) হুকং উপত্যকালৈ বিস্তৃত আছিল।
১৮২৬ চনৰ ১৫ মে’ত খামতিসকলৰ লগত বুজাপৰাৰ মাধ্যমেৰে স্বাক্ষৰিত এক চুক্তিৰ দ্বাৰা শদিয়াখোৱা গোঁহাইক ইংৰাজ প্ৰশাসনৰ প্ৰতিনিধি জ্ঞান কৰি শাসনকাৰ্য চলাই থাকিবলৈ দিয়া হৈছিল। তেনেদৰেই ইংৰাজসকলে খামতিসকলক ব্ৰহ্মদেশৰ (মান) সম্ভাব্য আক্ৰমণৰ প্ৰতিৰোধক হিচাপে গঢ়ি তুলিছিল। উল্লিখিত ১৮২৬ চনৰ চুক্তিখনৰ জৰিয়তে ইংৰাজে খামতিসকলৰ প্ৰভুত্ব স্বীকাৰ কৰি লৈছিল আৰু তাৰ বাবে খামতিৰাজে ইংৰাজক কোনো ধৰণৰ কৰ-কাটল দিব নালাগিছিল। অৱশ্যে ইংৰাজে দিয়া অস্ত্ৰ-শস্ত্ৰেৰে সু-সজ্জিত আৰু ২০০ লোকেৰে গঠিত এটি সেনাবাহিনী সাজু কৰি ৰাখিব লাগিছিল, যাতে চুবুৰীয়া যিকোনো জনগোষ্ঠীৰ আক্ৰমণ অতি সহজে প্ৰতিহত কৰিব পৰা যায়। এই চুক্তিমৰ্মে খামতি-সকলে শদিয়াত এজন ইংৰাজ ৰাজনৈতিক বিষয়া ৰাখিবলৈ বাধ্য আছিল যদিও আভ্যন্তৰীণভাৱে তেওঁলোকে সম্পূৰ্ণ স্বায়ত্তশাসন লাভ কৰিছিল। কিন্তু ১৮৩৫ চনত শদিয়াখোৱা গোঁহাই আৰু মটক ৰজাৰ মতিতবব বৰ সেনাপতিৰ মাজত সীমা বিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ সুযোগ লৈ ইংৰাজে শদিয়াখোৱা গোঁহাই পদবীটোৰ অৱসান ঘটায় আৰু সমুদায় অঞ্চলটো ইংৰাজ ৰাজ্যৰ সৈতে চামিল কৰে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু ইংৰাজে ক্ৰমাগতভাৱে চলাই থকা স্বাৰ্থান্বেষী নীতিত অতিষ্ঠ হৈ খামতিসকলে ১৮৩৯ চনৰ ১৯ জানুৱাৰীত শদিয়া আক্ৰমণ কৰি পলিটিকেল এজেন্ট কৰ্ণেল হোৱাইটক (White) হত্যা কৰে। খামতিসকলৰ এই বিদ্ৰোহৰ ফলত সেই সময়ত নাথান ব্ৰাউনৰ নেতৃত্বত আৰম্ভ হোৱা আমেৰিকান মিছনেৰীসকলৰ কাৰ্যকলাপ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয়। এই বিদ্ৰোহ দমন কৰিবলৈ ইংৰাজক পাঁচ বছৰ (১৮৩৯-৪৩) সময় লাগিছিল। আত্মসমৰ্পণৰ পাছত খামতিসকলক ইংৰাজে ধেমাজি, নাৰায়ণপুৰ, মাইজান, ডিব্ৰুগড় আদি ঠাইত সংস্থাপন কৰে।
৩২.২৭ চিংফৌ ৰাজ্য
চিংফৌসকলৰ আদি বাসস্থান আছিল ব্ৰহ্মদেশৰ (ম্যানমাৰ) ইৰাৱতী নৈৰ পূৰত। আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত, ১৭৯৩ চনমানত তেওঁলোক অসমলৈ আহে। ক্ৰমে তেওঁলোকে পাটকাই পাহাৰৰ নামনি তথা শদিয়াৰ পূৰত টেঙাপানী আৰু বুঢ়ীদিহিং নদীৰ উজনি অংশত (বৰ্তমানৰ নামৰূপ অঞ্চল) ৰাজ্য পাতে। চিংফৌসকল আছিল শক্তিশালী জনগোষ্ঠী। তেওঁলোকে সময়-সুবিধা বুজি আহোম ৰাজ্য আক্ৰমণ কৰি কেতিয়াবা আনকি আহোমৰ ৰাজধানী ৰংপুৰ পৰ্যন্ত পাইছিলগৈ। অৱশ্যে ইংৰাজ অহাৰ পাছত চিংফৌসকলৰ এনেধৰণৰ আক্ৰমণ বন্ধ হয়। ১৮২৬ চনত চিংফৌসকলে ইংৰাজৰ সৈতে চুক্তি কৰি তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰে আৰু যুদ্ধ...তথা আন অশান্তিৰ সময়ত ইংৰাজ চৰকাৰৰ সৈতে সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। খামতি বিদ্ৰোহৰ দমনত চিংফৌসকলে ইংৰাজক সহায় কৰিছিল।
চিংফৌসকলৰ পৰাক্ৰমী নেতা আছিল দুৱা গাম। তেওঁৰ নেতৃত্বতে চিংফৌসকলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ১৮৪৭ চনৰ আদিতে চিংফৌসকলৰ শেষৰটো বিদ্ৰোহ ইংৰাজসকলে কঠোৰ হাতেৰে দমন কৰে। তাৰ পাছত তেওঁলোকে ইংৰাজৰ বিৰুদ্ধে কোনো অশান্তিৰ সৃষ্টি কৰা নাছিল।
বৰ্তমান চিংফৌসকলে মূলতঃ অৰুণাচল প্ৰদেশৰ টিৰাপ সীমান্ত অঞ্চলত বাস কৰে।
১. কোঁচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?
(ক) নৰনাৰায়ণ
(খ) বিশ্ব সিংহ
(গ) চিলাৰায়
(ঘ) ৰঘুদেৱ নাৰায়ণ
উত্তৰ: (খ) বিশ্ব সিংহ
২. নৰনাৰায়ণৰ পিতৃদত্ত নাম কি আছিল?
(ক) শুক্লধ্বজ
(খ) ৰঘুদেৱ
(গ) মল্লদেৱ
(ঘ) লক্ষ্মীনাৰায়ণ
উত্তৰ: (গ) মল্লদেৱ
৩. কাৰ সহযোগত যুদ্ধত নৰ সিংহক পৰাস্ত কৰি নৰনাৰায়ণ ৰজা হৈছিল?
(ক) বিশ্ব সিংহ
(খ) শুক্লধ্বজ
(গ) লক্ষ্মীনাৰায়ণ
(ঘ) অনন্ত কন্দলি
উত্তৰ: (খ) শুক্লধ্বজ
৪. নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত কোনে ‘মহাভাৰত’ৰ অসমীয়া অনুবাদ কৰিছিল?
(ক) অনন্ত কন্দলি
(খ) বকুল কায়স্থ
(গ) ৰাম সৰস্বতী
(ঘ) শংকৰদেৱ
উত্তৰ: (গ) ৰাম সৰস্বতী
৫. নৰনাৰায়ণে প্ৰচলন কৰা সোণ আৰু ৰূপৰ মুদ্ৰাটোক কি নামেৰে জনা গৈছিল?
(ক) আহোম মুদ্ৰা
(খ) নাৰায়ণীয় মুদ্ৰা
(গ) কোঁচ মোহৰ
(ঘ) চিকা মুদ্ৰা
উত্তৰ: (খ) নাৰায়ণীয় মুদ্ৰা
৬. কিমান চনত নৰনাৰায়ণৰ মৃত্যু হৈছিল?
(ক) ১৫৪০ চনত
(খ) ১৫১৫ চনত
(গ) ১৫৮৪ চনত
(ঘ) ১৫৬৮ চনত
উত্তৰ: (গ) ১৫৮৪ চনত
৭. শুক্লধ্বজক কি কাৰণে ‘চিলাৰায়’ নামেৰে জনা গৈছিল?
(ক) তেওঁ চিলনী পোহা বাবে
(খ) তেওঁৰ মাতটো চিলাৰ দৰে আছিল বাবে
(গ) চিলাৰ দৰে তৎপৰতাৰে শত্ৰুৰ ওপৰত জঁপিয়াই পৰা বাবে
(ঘ) তেওঁৰ নামটো দেউতাকে দিছিল বাবে
উত্তৰ: (গ) চিলাৰ দৰে তৎপৰতাৰে শত্ৰুৰ ওপৰত জঁপিয়াই পৰা বাবে
৮. কাৰ অনুৰোধত মহাপুৰুষ শংকৰদেৱে ‘ৰাম বিজয়’ নাটকখন লিখিছিল?
(ক) নৰনাৰায়ণ
(খ) বিশ্ব সিংহ
(গ) চিলাৰায়
(ঘ) লক্ষ্মীনাৰায়ণ
উত্তৰ: (গ) চিলাৰায়
৯. জয়ন্তীয়াসকলৰ সমাজ ব্যৱস্থা কেনেকুৱা আছিল?
(ক) পিতৃপ্ৰধান
(খ) মাতৃপ্ৰধান
(গ) সামন্তবাদী
(ঘ) কোনোখনো নহয়
উত্তৰ: (খ) মাতৃপ্ৰধান
১০. কছাৰীসকলে নিজকে কাৰ বংশধৰ বুলি জ্ঞান কৰে?
(ক) অৰ্জুনৰ
(খ) কৃষ্ণৰ
(গ) ভীমৰ পুত্ৰ ঘটোৎকচৰ
(ঘ) পৰশুৰামৰ
উত্তৰ: (গ) ভীমৰ পুত্ৰ ঘটোৎকচৰ
১১. কছাৰীসকলৰ শেষ স্বতন্ত্ৰ ৰজা কোন আছিল?
(ক) তাম্ৰধ্বজ
(খ) কৃষ্ণচন্দ্ৰ
(গ) গোবিন্দচন্দ্ৰ
(ঘ) ডেটুং
উত্তৰ: (গ) গোবিন্দচন্দ্ৰ
১২. কিমান চনত ইংৰাজে কছাৰী ৰাজ্য অধিগ্ৰহণ কৰে?
(ক) ১৮৩০ চনৰ ২০ এপ্ৰিল
(খ) ১৮৩২ চনৰ ১৪ আগষ্ট
(গ) ১৮২৬ চনৰ ১৫ মে’
(ঘ) ১৮৩৯ চনৰ ১৯ জানুৱাৰী
উত্তৰ: (খ) ১৮৩২ চনৰ ১৪ আগষ্ট
১৩. ১৮৩৯ চনৰ খামতি বিদ্ৰোহত কোনজন ইংৰাজ বিষয়াক হত্যা কৰা হৈছিল?
(ক) ডেভিদ স্কট
(খ) কেপ্তেইন ওৱেলছ
(গ) কৰ্ণেল হোৱাইট
(ঘ) নাথান ব্ৰাউন
উত্তৰ: (গ) কৰ্ণেল হোৱাইট
১৪. চিংফৌসকলৰ এজন পৰাক্ৰমী নেতাৰ নাম কি আছিল?
(ক) পিয়লি ফুকন
(খ) দুৱা গাম
(গ) গম্ভীৰ সিংহ
(ঘ) মণিৰাম দেৱান
উত্তৰ: (খ) দুৱা গাম